আপোনাৰ কাৰ্ডৰ তথ্য

সুৰক্ষিত কৰিবলৈ পৰামৰ্শ

কৰণীয়:
  • বেংকৰ দ্বাৰা প্ৰেৰিত সতৰ্কতাবোৰ, যেনে ধৰক লেনদেনৰ সতৰ্কতা, ঠিকনা/ ম'বাইল নম্বৰৰ পৰিৱৰ্তনত মনোযোগ দিয়ক আৰু বেংকক অসংগতিৰ ক্ষেত্ৰত অৱগত কৰাওঁক।
  • কোনো ক্ষেত্ৰত বেংকৰ দ্বাৰা আগবঢ়োৱা ঠিকনা/ম’বাইল নম্বৰৰ পৰিৱৰ্তন হ’লে লগে লগে বেংকক জনাওঁক।
  • আপোনাৰ ব্যক্তিগত চিনাক্তকৰণ নম্বৰ (পিআইএন) মুখস্থ ৰাখক, নিয়মিত ভাৱে এয়া সলাই থাকিব, আৰু পিআইএন-ৰ সৈতে ভৌতিক তথ্যসমূহ নষ্ট কৰি পেলাব।
  • লেনদেনৰ পিছত ব্যৱসায় বিপণীত আপোনালৈ ঘুৰাই পঠিওৱা ক্ৰেডিট কাৰ্ড/ ডেবিট কাৰ্ডৰ সত্যাপণ কৰক যে, সেয়া আপোনাৰ
  • ব্যৱসায় বিপণীত, আপোনাৰ উপস্থিতিত আপোনাৰ ক্ৰেডিট কাৰ্ড/ ডেবিট কাৰ্ডৰ চুৱাইপিং কৰিবলৈ জোৰকৈ ক’ব
  • লেনদেনৰ পৰীক্ষা কৰিবলৈ লেনদেনৰ পিছত বিজ্ঞপ্তি বাৰ্তালৈ চাওঁক, যাতে আপুনি ধনৰাশিৰ প্ৰত্যাপন কৰিব পাৰে
  • যেতিয়া পিঅ’এছ মেচিন বা এটিএম-ত ইয়াক এন্টাৰ কৰা হয় নিশ্চিত কৰে যে ক্ৰেডিট কাৰ্ড/ ডেবিট কাৰ্ডৰ পিন অন্যই দেখা নাপাব
  • আপুনি ক্ৰেডিট কাৰ্ড/ ডেবিট কাৰ্ড হেৰালে বা ভুলবশতঃ আপোনাৰ সবিশেষ কাৰোবাক জনালে লগে লগে বেংকৰ লগত যোগাযোগ কৰক
  • বেংকৰ গ্ৰাহক সেৱা নম্বৰ সুবিধামতে লগত ৰাখিব, যাতে আপুনি দৰকাৰী সহায়/ আকষ্মিক প্ৰয়োজন/ কাৰ্ড হেৰুৱালে/ বিতৰ্কিত লেনদেনত লগে লগে কল কৰিব পাৰে
  • কৃত্ৰিম বাৰ্তা/কল/ ইমেলৰ পৰা সাৱধানে থাকক আৰু কেতিয়াওঁ তেওঁলোকক আপোনাৰ বিষয়ে সবিশেষ নজনাব
বৰ্জনীয়:
  • কেতিয়াও আপোনাৰ ক্ৰেডিট কাৰ্ড/ ডেবিট কাৰ্ড কাৰো হাতত নিদিব, যদিওবা তেওঁলোকে নিজকে ইণ্ডাচইণ্ড বেংকৰ প্ৰতিনিধি বুলি কয়।
  • আপোনাৰ পিন/অ’টিপি/ চিভিভি/ভিবিভি/মাষ্টাৰ চিকিউৰিটী পাছৱাৰ্ড কাৰো ওচৰত প্ৰকাশ নকৰিব। বেংক আৰু অন্য কোনো চৰকাৰী প্ৰতিষ্ঠানে এইবোৰ তথ্যৰ বিষয়ে নোসোধে
  • আপোনাৰ কাৰ্ড/ একাউন্ট অসুৰক্ষিতভাৱে ৱাই-ফাই নেটৱৰ্কত এক্সেছ নকৰিব বা তেনে অ’নলাইন শ্বপিং নেটৱৰ্ক, ৰাজহুৱা স্থানত ব্যৱহাৰ নকৰিব।
  • এটিএম-ত অচিনাকি মানুহৰ পৰা সহায় নল’ব, যদিওবা তেওঁলোকে আগবাঢ়ি আহি আপোনাক সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰে

অ'নলাইন বেংকিংৰ লেনদেন

সুৰক্ষিত কৰিবলৈ পৰামৰ্শ

  • আপোনাৰ ল'গইন পাছৱাৰ্ড আৰু ডেবিট কাৰ্ড পিন এন্টাৰ কৰিবলৈ ভাৰ্চুৱেল কিপেইডৰ ব্যৱহাৰ কৰক
  • আপোনাৰ প্ৰথম ল'গ ইন-ত আপোনাৰ ল'গইন পাছৱাৰ্ড আৰু ট্ৰাঞ্জেক্সন পাছৱাৰ্ড সলাওঁক
  • আপোনাৰ পাছৱাৰ্ড ঘনে ঘনে সলাওঁক বা পাছৱাৰ্ড পৰিবৰ্তনৰ বিকল্প ব্যৱহাৰ কৰি মাহেকত অতিকমেও এবাৰ সলাওঁক
  • এবাৰ মনত ৰখাৰ পিছত পাছৱাৰ্ডটো নষ্ট কৰি পেলাওঁক, ক’তো লিখি নথ’ব বা ক’তো জমাকৰি নথ’ব
  • আপোনাৰ পাছৱাৰ্ডটো কাকো নজনাব, এয়া ব্যক্তিগত বা গোপনীয়
  • অন্যই ভাৱি উলিয়াব পৰাতকৈ টান পাছৱৰ্ডৰ নিৰ্বাচন কৰক। সহজতে ভাৱি উলিয়াব পৰা পাছৱাৰ্ড নিৰ্বাচন নকৰিব, যেনে ধৰক জন্ম তিথি, টেলিফোন নম্বৰ, বা ক্ৰমাগত নম্বৰ 111111, 123456, আদিৰ দৰে নম্বৰ
  • আখৰ বা সংখ্যা দুয়োবিধৰ ব্যৱহাৰ কৰক আৰু নিম্ন কেছৰ এক সংযোগ আৰু কেপিটেল লেটাৰ আপোনাৰ পাছৱাৰ্ডত ব্যৱহাৰ কৰিব
  • সেৱা ব্যৱহাৰ কৰাৰ পিছত বা যেতিয়া আপুনি আপোনাৰ পিচিৰ পৰা আঁতৰত থাকিব লগা হ’ব তেতিয়া আমাৰ নেট বেংকিং প্লেটফৰ্ম - ইণ্ডাচনেট, ইণ্ডাচডাইৰেক্ট, কানেক্ট অনলাইন, ইণ্ডাচ স্পীড ৰেমিট আৰু ইণ্ডাচ কালেক্টৰ পৰা সদায় লগ আউট কৰক। সুৰক্ষাজনিত কাৰণত, যদি আপোনাৰ ব্ৰাউজাৰটো অলপ সময়ৰ বাবে নিষ্ক্ৰিয় হৈ থাকে তেন্তে আপোনাৰ লগইন চেচনসমূহ সমাপ্ত কৰা হ'ব
  • লগ আউট কৰাৰ পিছত ব্ৰাউজাৰ এপ্লিকেচনটো বন্ধ কৰিবলৈ সদায় মনত ৰাখিব
  • ৰাজহুৱা/ খোলা ঠাইত কম্পিউটাৰ ইনষ্টলত নেট বেংকিংৰ ব্যৱহাৰ কৰাটো পৰিত্যাগ কৰক
  • আপুনি যদি অ’নলাইন লেনদেন কৰাৰ সৈতে সুপৰিচিত, সেয়া কৰাৰ পৰা আপুনি বিৰত থাকিব পাৰে অথবা এই বিষয়ে জানিবলৈ বেংকৰ নিৰ্দেশিকাৰ সন্ধান কৰক
  • আমি ভুল লেনদেন বা আপোনাৰ তথ্য সবিশেষ জাহিৰ হোৱাৰ বাবে জগৰীয়া নহ'ম। চোৱা আৰু অ'নলাইন লেনদেনৰ বিকল্প দুয়োটাই ভিন্ন। অনুগ্ৰহ কৰি আপোনাৰ বিকল্পবোৰ সযত্নে অনুশীলন কৰিব
  • আপোনাৰ ব্যৱসায়িক চাৰ্ভাৰসমূহ, ডিভাইচসমূহ আৰু সংশ্লিষ্ট আন্তঃগাঁথনিত প্ৰয়োজনীয় সুৰক্ষা সম্পৰ্কীয় সঁজুলিসমূহ (যেনে. এন্টি-ভাইৰাছ/ফায়াৰৱাল) স্থাপন কৰক
  • আমাৰ দ্বাৰা প্ৰদান কৰা এ পি আই ব্যৱহাৰ কৰি পেমেণ্ট প্ৰচেছিং সুৰক্ষিতভাৱে আৰু অনুমোদিত ডিভাইচ, কৰ্মী, চাৰ্ভাৰ আৰু সংশ্লিষ্ট আন্তঃগাঁথনিৰ জৰিয়তে কৰিব লাগে

 

আপোনাৰ ম'বাইল এপ্প

লেনদেনক সুৰক্ষিত কৰি ৰাখক

  • কেৱল গুগল প্লে ষ্ট’ৰ/ এপ্ল এপ্ ষ্ট’ৰৰ পৰা ইণ্ডাচইণ্ড বেংকৰ ম'বাইল বেংকিং এপ্ ( ইণ্ডাচডাইৰেক্ট কৰ্পোৰেট ম'বাইল বেংকিং এপ্ সহ) ডাউনলোড কৰক
  • ডাউনলোড কৰাৰ আগতে, এয়া নিশ্চিত কৰক যে এপ্ টো ইণ্ডাচইণ্ড বেংক লিমিটেডৰ দ্বাৰা ডেভেলপ কৰা হৈছে
  • দৰকাৰতকৈ অধিক অনুমতি বিচৰা এপ্ বোৰ ইনষ্টল কৰাৰ পৰা বিৰত থাকক
  • আপোনাৰ ম'বাইলত সমাদৃত এন্টিভাইৰাছৰ লগতে ম'বাইল প্ৰটেক্সন এপ্ ইনষ্টল আৰু ব্যৱহাৰ কৰক
  • উপকৰণ ৰুট বা জেইল-ব্ৰেক নকৰিব। ইয়ে আপোনাৰ উপকৰণৰ সকলো সুৰক্ষা নিয়ন্ত্ৰণক গুছাই দিব
  • পাছ কোৰ্ড/পেটাৰ্ণ/ আঙুলিৰ ছাপ/ মুখ চিনাক্তকৰণ এপ্ লকৰ সৈতে স্ক্ৰীন ইনেকটিভিটী লক ইন কঞ্জাংশ্বনৰ ব্যৱহাৰ কৰক
  • আপোনাৰ ম’বাইলত পাছৱৰ্ড বা অন্য সংবেদনশীল তথ্য জমা কৰি নথ’ব
  • কোনো প্ৰত্যাপন নোহোৱাকৈ চ’ছিয়েল মিডিয়াৰ পৰা প্ৰাপ্ত হোৱা, লিংকবোৰত ক্লিক কৰাৰ পৰা বিৰত থাকক

 

ভুৱা বাৰ্তালাপ

পৰিত্যাগ কৰিবলৈ পৰামৰ্শ

ইমেইলছ
  • অনুগ্ৰহ কৰি সংবেদনশীল তথ্য প্ৰকাশ কৰিবলৈ আমন্ত্ৰণ জনোৱা সন্দেহজনক ইমেইলবোৰৰ পৰা সাৱধান হওক, যেনে লগইন আইডি, পাছৱৰ্ড, আৰু অন্যান্য গোপনীয় একাউণ্ট তথ্য
  • সেইবোৰ ইমেইলে আপোনাক বেংকৰ আচল ৱেবচাইটৰ দৰে একেধৰণৰ ৰূপত দেখা দিয়া ভুৱা ৱেবচাইটলৈ লৈ যাব পাৰে, নতুবা আপোনাক আপোনাৰ বেংকিং তথ্যৰ আপডেট কৰিবলৈ ক'ব পাৰে।
  • বেংকে এনেকুৱা ধৰণৰ ইমেইল জাৰী নকৰে আৰু আপোনাক এইবোৰৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হ'ল, আৰু আপোনাৰ ব্যক্তিগত তথ্য বিচাৰি অহা অনুৰোধৰ উত্তৰ নিদিব
  • তেনেকুৱা সন্দেহজনক ইমেইল আহিলে লগে লগে report.phishing@indusind.com ত ৰিপোৰ্ট কৰিবলৈ অনুৰোধ জনোৱা হ'ল
  • স্কেম ইমেইললৈ লক্ষ্য দিয়ক। তেওঁলোকে আপোনাক ভাইৰাছ ডাউনলোড কৰিবলৈও নিমন্ত্ৰণ কৰিব পাৰে বা ভুৱা ৱেবচাইটত ক্লিক কৰিবলৈ কৈ আপোনাৰ ব্যক্তিগত গোপনীয় তথ্য ফাদিল কৰিব পাৰে
  • এয়া নিশ্চিত কৰক যে আপুনি লেনদেন কৰা ৱেবচাইটত, গোপনীয়তা আৰু সুৰক্ষা বিবৃতি আছে আৰু তাক সাৱধানেৰে পৰ্য্যলোচনা কৰক
  • ৱেবচাইটৰ ঠিকনা (ইউ আৰ এল) www.indusind.com বুলি প্ৰত্যাপন কৰক, বা আপুনি নিজে ইউ আৰ এল টাইপ কৰক
  • ইমেইলসমূহত বা তৃতীয় পক্ষৰ ৱেবছাইটত সন্নিৱিষ্ট কৰা হাইপাৰলিংকৰ জৰিয়তে ইণ্ডাচনেট, ইণ্ডাচডাইৰেক্ট, কানেক্ট অনলাইন, ইণ্ডাচ স্পীড ৰেমিট আৰু ইণ্ডাচ কালেক্টত লগ ইন নকৰিব
  • আপোনাৰ ব্যক্তিগত তথ্য বিচৰা কোনো ধৰণৰ ইমেইলক প্ৰত্যুত্তৰ নিদিব। আপোনাৰ পাছৱাৰ্ড নজনাব
  • কোনো সংযুক্ত তথ্যৰ সৈতে ইমেইল নুখুলিব, যদিহে পঠিওৱাজনৰ প্ৰতি আপোনাৰ সন্দেহ ওপজে।
  • কোনো সংবেদনশীল তথ্য এন্টাৰ কৰাৰ আগতে নিম্ন দিশে সোঁফালে ৱেব পেজত আপোনাৰ পেডলক চিহ্নটো চাই লওঁক যিয়ে নিশ্চিত কৰে যে চাইটটো সুৰক্ষিত মোডত চলি আছে।
  • ব্যৱহৃত নহ’লে কম্পিউটাৰটো অ’নলাইন কৰি নাৰাখিব। হয়তো শ্বাট ডাউন কৰক নতুবা আপোনাৰ ইন্টাৰনেট সংযোগৰ পৰা ভৌতিকভাৱে পৃথক কৰক
  • যিকোনো অনিয়মতাৰ বাবে লগে লগে ৰিপোৰ্ট কৰক
  • চিকিউৰিটী পেজবোৰ ডাউনলোড কৰি আপোনাৰ ব্যক্তিগত কম্পিউটাৰটো আপডেট কৰি ৰাখক আৰু লগতে আপোনাৰ এন্টি-ভাইৰাছ আৰু ফায়াৰৱাল চফ্টৱেৰৰ নিয়মিত ভাৱে আপডেট কৰি থাকিব
  • আপোনাৰ চেশ্বনবোৰৰ নিৰীক্ষণ কৰিবলৈ নিয়মিতভাৱে অন্তিম লগ ইন তথ্য ক্ৰছ চেক কৰি থাকিব
ফোন কল/এছ এম এছ
  • ভুৱাকাৰীসকলে হয়তো ফোন বা পাঠ বাৰ্তাৰ জৰিয়তে আপোনাৰ তথ্য সবিশেষৰ বিষয়ে সুধিব পাৰে
  • হয়তো আপোনাক বিশেষ ফোন নম্বৰ এটালৈ কল কৰিবলৈ ক'ব পাৰে, আৰু এক ইন্টাৰেক্টিভ ভইচ ৰেচপনছ প্ৰক্ৰিয়াৰ মাজেৰে, ক্ৰেডিট কাৰ্ড তথ্য প্ৰত্যায়িত কৰাৰ যোগেদি আপোনাৰ মূখ্য গোপন সবিশেষ সমূহ সুধিব
  • আপোনাৰ গোপন তথ্যৰ বিষয়ে সোধা বাৰ্তাৰ প্ৰত্যুত্তৰ নিদিব
  • উল্লেখিত বা কোনো অজ্ঞান নম্বৰত কল নকৰিব, সেয়া কোনো ফিশ্বিংৰ প্ৰচেষ্টা হ'ব পাৰে
  • এনেকুৱা সন্দেহজনক আৰু ফিশ্বি বাৰ্তা বা ফোন কল পালে বেংকৰ লগত যোগাযোগ কৰিব।
ড'মেইন জালিয়াতিৰ পৰা সুৰক্ষিত থাকক

ড'মেইন জালিয়াতিৰ পৰা হাত সাৰিবলৈ প্ৰথম পদক্ষেপটো হ’ল কেলেংকাৰীটো বুজি পোৱা। ড'মেইন জালিয়াতি হৈছে ব্যৱহাৰকাৰী বা ব্যৱসায়ীসকলক বিত্তীয় লেনদেন কৰিবলৈ পুনৰ নিৰ্দেশিত কৰিবলৈ সুনামধন্য ব্ৰেণ্ডৰ অনৈতিক ড'মেইন  নাম সৃষ্টি আৰু ব্যৱহাৰ কৰা প্ৰক্ৰিয়া। চাইবাৰ অপৰাধীয়ে বিশ্বাসযোগ্য ব্ৰেণ্ড নামৰ ৰূপ লৈ তলত দিয়া কিছুমান আক্ৰমণ আৰম্ভ কৰে:

  • ৱায়াৰ ট্ৰেন্সফাৰ জালিয়াতি
  • ফিশ্বিং
  • কাউন্টাৰফিট ভাল বিক্ৰী
  • অধিবেশন চুৰি কৰা

ইণ্ডাজইণ্ড বেংকে এইবোৰ সবিশেষৰ

বিষয়ে আপোনাক কেতিয়াও নোসোধে

  • পিআইএন (ব্যক্তিগত চিনাক্তকৰণ নম্বৰ)
  • অ’টিপি (ৱান-টাইম পাছৱাৰ্ড)
  • চিভিভি (কাৰ্ড ভেৰিফিকেশ্বন ভেল্যু)
  • কাৰ্ড এক্সপিয়াৰী ডেট
  • আপোনাৰ নেট বেংকিং/ম'বাইল বেংকিং লগইন আইডি,লেনদেনৰ পাছৱৰ্ড, অ'টিপি বা এমপিন (ম'বাইল বেংকিঙৰ বাবে)

ডিজিটেল পেমেন্ট নিৰাপদ আৰু

নিৰৱচ্ছিন্ন কৰক

কৰণীয়
  • তৃতীয় পক্ষৰ এপ্প্ ডাউনলোড কৰিবলৈ বা গোপনীয় তথ্য শ্বেয়াৰ কৰিবলৈ কোৱা প্ৰৱঞ্চনামূলক কল (ৱিশ্বিং)ৰ প্ৰতি সজাগ হওক (এনে কলসমূহ তৎক্ষণাত বিচ্ছিন্ন কৰক)
  • যদি আপুনি ইতিমধ্যে কোনো ৰিম’ট এক্সেছ এপ্ ডাউনলোড কৰিছে আৰু ইয়াৰ প্ৰয়োজন নাই, তেন্তে তৎক্ষণাত আনইনষ্টল কৰক
  • আপোনাৰ পেমেণ্ট বা ম'বাইল বেংকিং-সম্পৰ্কীয় এপ্সমূহত এপ্-লক সক্ষম কৰক
  • যিকোনো সন্দেহজনক কাৰ্য্যকলাপৰ বিষয়ে কেৱল আপোনাৰ ওচৰৰ বেংক শাখা / অনুমোদিত গ্ৰাহক সেৱা নম্বৰতহে জনাওক
  • ইউপিআইৰ জৰিয়তে লেনদেন কৰাৰ আগতে লেনদেনৰ ধৰণ বৈধ কৰা, এটা মানক নিয়ম আছে – ইউপিআইৰ জৰিয়তে ধন লাভ কৰাৰ বাবে কোনো পিনৰ প্ৰয়োজন নাই
  • ইউপিআইৰ জৰিয়তে লেনদেন কৰাৰ সময়ত প্ৰৱঞ্চনামূলক / নকল এপ্লিকেচনসমূহৰ পৰা সাৱধান হওক, ইউপিআই লেনদেনৰ বাবে বিশ্বাসযোগ্য এপ্লিকেচনসমূহ ব্যৱহাৰ কৰাটো পছন্দ কৰক
  • আপোনাৰ বেংকৰ সৈতে আপোনাৰ সবিশেষ আপডেট কৰি ৰাখক
  • কোনো অস্বাভাৱিক লেনদেনৰ সন্মুখীন হ’লে আপোনাৰ বেংকক তৎক্ষণাত সতৰ্ক কৰক

বৰ্জনীয়

  • বেংকৰ পৰা বুলি দাবী কৰিলেও কেতিয়াও আপোনাৰ ইউপিআই পিন, চিভিভি আৰু অ'টিপি কাৰো সৈতে কল/এছএমএছ/ইমেইলযোগে শ্বেয়াৰ নকৰিব
  • আপোনাৰ ম'বাইল হেণ্ডছেটত কেতিয়াও বেংকিং পাছৱৰ্ড সংৰক্ষণ নকৰিব
  • অজ্ঞাত প্ৰেৰকৰ পৰা ধনৰ অনুৰোধৰ প্ৰতি সাৱধান হওক কাৰণ ইউপিআইৰ ধনৰ অনুৰোধ গ্ৰহণ কৰাটো আপোনাৰ একাউণ্টৰ পৰা ডেবিট। কেৱল জনা প্ৰেৰক আৰু পৰীক্ষিত ব্যৱসায়ীৰ পৰা অনুৰোধ গ্ৰহণ কৰক
  • তথাকথিত বেংক প্ৰতিনিধিৰ অনুৰোধত লাভ কৰা কোনো অনাকাংক্ষিত এছএমএছ ফৰৱাৰ্ড নকৰিব
  • অজ্ঞাত এপ্সমূহৰ অনুমতি / প্ৰৱেশ কেতিয়াও নিদিব
  • ইউপিআই পেমেণ্টলৈ পুনৰ নিৰ্দেশনা কৰা লিংক থকা অবিশ্বাস্য এছএমএছ / ইমেইল কেতিয়াও খুলিব নালাগে

 

সাধাৰণ তথ্য সুৰক্ষাৰ উত্তম অনুশীলনৰ বাবে, অনুগ্ৰহ কৰি ইয়াত পৰিদর্শন কৰক ৷
Be aware of the mechanisms used by Fraudsters to steal your money. Follow simple steps to protect yourself from them. Click here.